top of page

FOLLOW ME

  • LinkedIn
  • Facebook
  • Instagram
  • Twitter
  • YouTube


"Just that I need to rise back.

I would rise back.

And that, I would rise back

All by myself.

Once again."

And the girl looks out through the window


(২)

ক'লীকৈ চাপৰকৈ

ফুটুকী আজলী

অকমানি ছোৱালী এজনী

চকুত সপোন সানি

ভাৱৰ সাগৰত ডুবি

জুৰুলি জুপুৰি হোৱা

এজনী আঁকৰী

এজনী ছোৱালী কণমানি।।

এমুঠি সাহসক

তুলি ধৰে আটোল-তোলে

মৰমে হেঙাৰ অনা সপোনবোৰ

খামুচিব খোজে সজোৰে,

তথাপিও দেখোন

সপোনে পাৰ ভাঙে

মৰমে ঠাউনি এৰে

আজলীৰ বুকুত খলকনি লাগে

মৰম এৰে নে সপোন

বাট এৰা সপোনক

কি সতে আৱৰে

পাৰ ভঙা সপোনক

কিদৰে সামৰে


(৩)

ফুটুকী আজলী

এতিয়া বৰজনী হ'ল

সাধুবোৰ বুকতে সামৰ খাই ৰ'ল

বৰপেৰা হেন যে আজলীৰ বুকু

শিঠা হেন যে আজলীৰ সাধু

শুনোৱাতকৈ নোকোৱাই ভাল

বুজোৱাতকৈ লুকুৱাই ভাল

আজলীয়ে বুজে

আজলীয়ে হাঁহে

মনৰ কোণতে আজলীয়ে লিখে

"চৌপাশে কোলাহল

আৱাহন-বিসৰ্জনৰ

বুকুত মোৰ চিনাকি নিস্তব্ধতা"।।


(৪)

The girl looks out through her window

Wishes to get lost

Into the silence, dark and deep.

The crickets already gone to sleep.

Up there, the moon shines brighter.

That night smells an autumny winter.

  • Jul 8, 2020
  • 1 min read

এই যে যুঁজখন চলি থাকে

অহা আৰু যোৱাৰ


নিজৰপৰা নিজলৈ

নিজৰপৰা দূৰলৈ

পেন্দুলামৰ দৰে

অবিৰাম গতিত


ঠুনুকা মন এটিয়ে যে বাহ সাজি

আৱেগৰ জোৱাৰ তোলে


অভিমানৰ পাহাৰ ভাঙে

গোপনে গোপনে


এই যে "এইযে বিলাক" থাকে

কাৰোবাক ক'ব খোজা

কাৰোবাক বুজাব বিচৰা


সপোন এটিয়ে যে আমনি কৰে

এই যেন কোনোবাই হাত এখন থ'ব

মূৰতে আৰু ক'ব

চিন্তা নকৰিবি, সকলো কুশল হ'ব


অথচ

সকলোবোৰ দেখোন সামৰি ৰাখে

বুকুৱে কোণতে

কথাবোৰ কথা হৈ থাকে


কথাবোৰে শিল হ'বলৈ শিকে


যুঁজখন চলি থাকে

নিৰন্তৰে

ঠিৰাং কৰিব নোৱাৰে মনে

নিজলৈ সোমাই যোৱাত ভাল

নে আঁতৰি অহাত


অচিনাকি বিষ এটিৰ গঁজালি মেলে

এটি ভাগৰে সামৰি আনে

আলফুলে

আদৰেৰে


ৰাতিবোৰ মুখৰ হৈ পৰে


মুখৰ ৰাতিত আঁকে সুখৰ ছবি

বলীয়া কবিয়ে।।

  • Jun 24, 2020
  • 1 min read

Updated: Jun 11, 2021


 

বাথনত্তৰিত জোনাক নামিছিল সেই সন্ধ্যা

আমি বহিছিলোঁ জোনাকত, তিতিবলৈ

নিয়ৰেও তিতাইছিল আলিৰ দুবৰি

এজাক গৰুৰ ডিঙিৰ টিলিঙাত

বাঙ্ময় হৈছিল সময়

আমি মৌন হৈ আছিলোঁ

কথাবোৰ

শুনিবলৈ

সুধিবলৈ

বুজিবলৈ

নোকোৱাকৈ, নোসোধাকৈ

কি আছিল সেই কথাত...

জীৱন, মৰম, বিশ্বাস নে আশ্বাস

বাথানত্তৰিৰ বতাহে

কঁপাইছিল নেকি আমাৰ মন

চিগাৰেটৰ ধোঁৱাত ধূসৰ

হৈছিল নেকি আকাশ

পথাৰৰ সীমাত কেৱল একুৰা জুই জ্বলিছিল

ৰঙাকৈ

আঁতৰত হেনো এখন নৈ বৈ আছিল

নৈৰ বুকুয়ে বা কি কথা সামৰিছিল

সময় পাৰ হৈছিল

ৰাতিৰ সপোন সৰি সৰি পৰিছিল

বাথানত্তৰিৰ বতাহে সাৱটি লৈছিল আমাক

এটি সপোনৰ দৰে

বাথনত্তৰি এটা নাম নাছিল

বাথনত্তৰি এটা কবিতা আছিল

সেই কবিতাত জীৱন আছিল।।


Thanks for submitting!

106019178_3070969006283790_5576946310693

HI! I'M NABANITA

A researcher, science communicator by profession. A sexual harassment survivor, and a mental health advocate. A fighter against social stigmas and gender discrimination. An empathetic listener. A thinker.

This space is to articulate my thoughts and experiences gathered at different stages of my life, which made the 'Me'. 

   Drop Me a Line   

bottom of page