top of page

"বাথনত্তৰি

  • Jun 24, 2020
  • 1 min read

Updated: Jun 11, 2021



বাথনত্তৰিত জোনাক নামিছিল সেই সন্ধ্যা

আমি বহিছিলোঁ জোনাকত, তিতিবলৈ

নিয়ৰেও তিতাইছিল আলিৰ দুবৰি

এজাক গৰুৰ ডিঙিৰ টিলিঙাত

বাঙ্ময় হৈছিল সময়

আমি মৌন হৈ আছিলোঁ

কথাবোৰ

শুনিবলৈ

সুধিবলৈ

বুজিবলৈ

নোকোৱাকৈ, নোসোধাকৈ

কি আছিল সেই কথাত...

জীৱন, মৰম, বিশ্বাস নে আশ্বাস

বাথানত্তৰিৰ বতাহে

কঁপাইছিল নেকি আমাৰ মন

চিগাৰেটৰ ধোঁৱাত ধূসৰ

হৈছিল নেকি আকাশ

পথাৰৰ সীমাত কেৱল একুৰা জুই জ্বলিছিল

ৰঙাকৈ

আঁতৰত হেনো এখন নৈ বৈ আছিল

নৈৰ বুকুয়ে বা কি কথা সামৰিছিল

সময় পাৰ হৈছিল

ৰাতিৰ সপোন সৰি সৰি পৰিছিল

বাথানত্তৰিৰ বতাহে সাৱটি লৈছিল আমাক

এটি সপোনৰ দৰে

বাথনত্তৰি এটা নাম নাছিল

বাথনত্তৰি এটা কবিতা আছিল

সেই কবিতাত জীৱন আছিল।।


Recent Posts

See All

Comments


bottom of page