top of page

---

  • Jul 8, 2020
  • 1 min read

এই যে যুঁজখন চলি থাকে

অহা আৰু যোৱাৰ


নিজৰপৰা নিজলৈ

নিজৰপৰা দূৰলৈ

পেন্দুলামৰ দৰে

অবিৰাম গতিত


ঠুনুকা মন এটিয়ে যে বাহ সাজি

আৱেগৰ জোৱাৰ তোলে


অভিমানৰ পাহাৰ ভাঙে

গোপনে গোপনে


এই যে "এইযে বিলাক" থাকে

কাৰোবাক ক'ব খোজা

কাৰোবাক বুজাব বিচৰা


সপোন এটিয়ে যে আমনি কৰে

এই যেন কোনোবাই হাত এখন থ'ব

মূৰতে আৰু ক'ব

চিন্তা নকৰিবি, সকলো কুশল হ'ব


অথচ

সকলোবোৰ দেখোন সামৰি ৰাখে

বুকুৱে কোণতে

কথাবোৰ কথা হৈ থাকে


কথাবোৰে শিল হ'বলৈ শিকে


যুঁজখন চলি থাকে

নিৰন্তৰে

ঠিৰাং কৰিব নোৱাৰে মনে

নিজলৈ সোমাই যোৱাত ভাল

নে আঁতৰি অহাত


অচিনাকি বিষ এটিৰ গঁজালি মেলে

এটি ভাগৰে সামৰি আনে

আলফুলে

আদৰেৰে


ৰাতিবোৰ মুখৰ হৈ পৰে


মুখৰ ৰাতিত আঁকে সুখৰ ছবি

বলীয়া কবিয়ে।।

Recent Posts

See All

Comments


bottom of page