---
- Nabanita Borah
- Jul 8, 2020
- 1 min read

এই যে যুঁজখন চলি থাকে
অহা আৰু যোৱাৰ
নিজৰপৰা নিজলৈ
নিজৰপৰা দূৰলৈ
পেন্দুলামৰ দৰে
অবিৰাম গতিত
ঠুনুকা মন এটিয়ে যে বাহ সাজি
আৱেগৰ জোৱাৰ তোলে
অভিমানৰ পাহাৰ ভাঙে
গোপনে গোপনে
এই যে "এইযে বিলাক" থাকে
কাৰোবাক ক'ব খোজা
কাৰোবাক বুজাব বিচৰা
সপোন এটিয়ে যে আমনি কৰে
এই যেন কোনোবাই হাত এখন থ'ব
মূৰতে আৰু ক'ব
চিন্তা নকৰিবি, সকলো কুশল হ'ব
অথচ
সকলোবোৰ দেখোন সামৰি ৰাখে
বুকুৱে কোণতে
কথাবোৰ কথা হৈ থাকে
কথাবোৰে শিল হ'বলৈ শিকে
যুঁজখন চলি থাকে
নিৰন্তৰে
ঠিৰাং কৰিব নোৱাৰে মনে
নিজলৈ সোমাই যোৱাত ভাল
নে আঁতৰি অহাত
অচিনাকি বিষ এটিৰ গঁজালি মেলে
এটি ভাগৰে সামৰি আনে
আলফুলে
আদৰেৰে
ৰাতিবোৰ মুখৰ হৈ পৰে
মুখৰ ৰাতিত আঁকে সুখৰ ছবি
বলীয়া কবিয়ে।।
Comments