top of page

"বুকুত মোৰ চিনাকি নিস্তব্ধতা"

  • Writer: Nabanita Borah
    Nabanita Borah
  • Oct 28, 2020
  • 1 min read


"Just that I need to rise back.

I would rise back.

And that, I would rise back

All by myself.

Once again."

And the girl looks out through the window


(২)

ক'লীকৈ চাপৰকৈ

ফুটুকী আজলী

অকমানি ছোৱালী এজনী

চকুত সপোন সানি

ভাৱৰ সাগৰত ডুবি

জুৰুলি জুপুৰি হোৱা

এজনী আঁকৰী

এজনী ছোৱালী কণমানি।।

এমুঠি সাহসক

তুলি ধৰে আটোল-তোলে

মৰমে হেঙাৰ অনা সপোনবোৰ

খামুচিব খোজে সজোৰে,

তথাপিও দেখোন

সপোনে পাৰ ভাঙে

মৰমে ঠাউনি এৰে

আজলীৰ বুকুত খলকনি লাগে

মৰম এৰে নে সপোন

বাট এৰা সপোনক

কি সতে আৱৰে

পাৰ ভঙা সপোনক

কিদৰে সামৰে


(৩)

ফুটুকী আজলী

এতিয়া বৰজনী হ'ল

সাধুবোৰ বুকতে সামৰ খাই ৰ'ল

বৰপেৰা হেন যে আজলীৰ বুকু

শিঠা হেন যে আজলীৰ সাধু

শুনোৱাতকৈ নোকোৱাই ভাল

বুজোৱাতকৈ লুকুৱাই ভাল

আজলীয়ে বুজে

আজলীয়ে হাঁহে

মনৰ কোণতে আজলীয়ে লিখে

"চৌপাশে কোলাহল

আৱাহন-বিসৰ্জনৰ

বুকুত মোৰ চিনাকি নিস্তব্ধতা"।।


(৪)

The girl looks out through her window

Wishes to get lost

Into the silence, dark and deep.

The crickets already gone to sleep.

Up there, the moon shines brighter.

That night smells an autumny winter.

Recent Posts

See All

Comments


bottom of page