top of page

----

  • Apr 23, 2020
  • 1 min read

জুই হৈ ফুলাৰ যি মন আছিল

বৰষুণ হৈ নমাৰ যি হেঁপাহ আছিল

তগৰৰ সুবাস সনাৰ যি সপোন আছিল

বুকুতে...


গোপনে...


অজানিতে...

বৰষুণ, জুইফুল, সুবাস

অতীত হ'ল

বাউলী বতাহজাকে সৰাপাত এখিলা

উৰুৱাই লৈ গ'ল

এটি ঠিকনা অঘৰী হ'ল।

এটা সপোনৰ মৃত্যু হ'ল।

এটা কবিতাৰ জন্ম হ'ল।।











Recent Posts

See All

Comments


bottom of page